Letter from the Prime Minister
     
     
  মোৰ প্ৰিয় দেশবাসী,  
     
  উৎসাহ-উদ্দীপনাৰে ভৰা এই শুভ দীপাৱলীত আপোনালোক সকলোলৈকে মোৰ আন্তৰিক শুভেচ্ছা জনাইছো। অযোধ্যাত ভব্য ৰাম মন্দিৰ নির্মাণৰ পাছত এয়া দ্বিতীয় দীপাৱলী৷ ভগৱান শ্ৰী ৰামে আমাক মৰ্যাদা ৰক্ষা কৰিবলৈ আৰু অন্যায়ৰ বিৰুদ্ধে যুঁজিবলৈও শিকাইছে। কেইমাহমানৰ পূৰ্বে অপাৰেচন সিন্দূৰৰ সময়ত ইয়াৰ এক জীৱন্ত উদাহৰণ আমি প্ৰত্যক্ষ কৰিছিলো। অপাৰেচন সিন্দূৰত ভাৰতে মৰ্যাদা ৰক্ষা কৰাৰ লগতে অন্যায়ৰ প্ৰতিশোধ ল’লে।  
     
  এইবাৰৰ দীপাৱলী এইবাবেও বিশেষ, কাৰণ দেশৰ বহু জিলাত, দূৰণিবটীয়া অঞ্চলত প্ৰথমবাৰৰ বাবে দীপাৱলীৰ বন্তি প্ৰজ্বলন কৰা হ’ব। এইয়া সেইসমূহ জিলা য’ত নক্সালবাদ আৰু মাওবাদীৰ সন্ত্ৰাস নিৰ্মূল কৰা হৈছে। যোৱা দিনবোৰত আমি দেখিছো কিমান লোকে হিংসাৰ পথ পৰিত্যাগ কৰি উন্নয়নৰ মূলসুঁতিত যোগদানেৰে দেশৰ সংবিধানৰ প্ৰতি আস্থা প্ৰকাশ কৰিছে। এয়া দেশৰ বাবে এক উল্লেখযোগ্য কৃতিত্ব।  
     
  কিছুদিন পূৰ্বে এই ঐতিহাসিক সাফল্যৰ মাজতে দেশে পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰো আৰম্ভ কৰিছে। নৱৰাত্ৰিৰ প্ৰথম দিনটোৰে পৰা জিএছটিৰ হাৰ কম হৈ পৰিল। জিএছটি সঞ্চয় মহোৎসৱে আমাৰ নাগৰিকৰ বাবে হাজাৰ হাজাৰ কোটি টকা ৰাহি কৰিছে।  
     
  অসংখ্য সংকটৰ সন্মুখীন হোৱা বিশ্বত আমাৰ ভাৰতবৰ্ষই সুস্থিৰতা আৰু সংবেদনশীলতা দুয়োটাৰে প্ৰতীক হিচাপে আত্মপ্ৰকাশ কৰিছে। অদূৰ ভৱিষ্যতে আমি বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হ’বলৈও সাজু হৈছো।  
     
  উন্নত আৰু আত্মনিৰ্ভৰ ভাৰতৰ এই যাত্ৰাত নাগৰিক হিচাপে আমাৰ প্ৰাথমিক দায়িত্ব দেশৰ প্ৰতি আমাৰ কৰ্তব্য পালন কৰা।  
     
  আমি স্বদেশীক গ্ৰহণ কৰি গৌৰৱেৰে ঘোষণা কৰা উচিত যে "এয়াই স্বদেশী।" আমি "এক ভাৰত, শ্ৰেষ্ঠ ভাৰত"ৰ মনোভাৱক প্ৰচাৰ কৰা উচিত। প্ৰতিটো ভাষাক আমি সন্মান জনোৱা উচিত। আমি স্বচ্ছতাৰ অভ্যাস গঢ়ি তোলা উচিত। আমি আমাৰ স্বাস্থ্যক অগ্ৰাধিকাৰ দিয়া উচিত। আমি আমাৰ খোৱা তেলৰ পৰিমাণ ১০ শতাংশ হ্ৰাস কৰাৰ লগতে যোগাসনক আকোঁৱালি লোৱা উচিত। এই প্ৰচেষ্টাবোৰে আমাক আৰু অধিক ক্ষিপ্ৰতাৰে বিকশিত ভাৰতৰ দিশে আগুৱাই নিব।  
     
  দীপাৱালীয়েও আমাক শিকাইছে যে যেতিয়া এগছি বন্তিয়ে আন এগছি বন্তি জ্বলায়, তেতিয়া ইয়াৰ পোহৰ কমি নাযায় বৰঞ্চ বাঢ়িহে যায়। এই মনোভাৱেৰে, এই দীপাৱলীত আমিও আমাৰ সমাজত আৰু আমাৰ চৌপাশত সমন্বয়, সহযোগিতা, ইতিবাচকতাৰ বন্তি জ্বলাব লাগিব।
আকৌ এবাৰ পোহৰৰ উৎসৱত আপোনালোকলৈ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো।
 
     
  আপোনালোকৰ,
নৰেন্দ্ৰ মোদী
 
  Letter from the Prime Minister  
     
   
     
  এই পত্ৰখন আপোনাৰ পছন্দৰ ভাষাত পঢ়ক  
     
 
English हिंदी ગુજરાતી ଓଡ଼ିଆ ਪੰਜਾਬੀ தமிழ் मराठी తెలుగు বাংলা മലയാളം অসমীয়া ಕನ್ನಡ اردو মণিপুরী नेपाली Khasi भोजपुरी मैथिली
 
     
     
       
 
प्रधानमंत्री श्री नरेंद्र मोदी से जुड़ें   প্ৰধানমন্ত্ৰী মোদীৰ সৈতে সংযোগ স্থাপন কৰক।
नवीनतम जानकारी के लिए माईगव विज़िट करें।   Visit MyGov for
সৰ্বশেষ আপডেটৰ বাবে MyGov পৰিদৰ্শন কৰক।